newsnextone.com | বিলাসীপাৰাঃ এইবাৰ বানে ৰাইজক জুৰুলা কৰা নাই। প্ৰকৃতিয়ে যেন সেই দিশৰ পৰা চকু মেলিহে চাইছে। কিন্তু ঠায়ে ঠায়ে নদী, উপনদী সমূহৰ গৰাখহনীয়া বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ কাৰণ হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা গৰাখহনীয়াই কেইবা হেক্টৰ কৃষিভূমি নৈৰ বুকুত জাহ নিয়াৰ লগতে শতাধিক নৈপৰীয়া পৰিয়ালক গৃহহাৰা কৰাৰ বাতৰিও সংবাদ মাধ্যমত প্ৰচাৰ হৈছে।
শেহতীয়াকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত বয়জেৰ আলগা গাঁও পঞ্চায়তৰ বয়জেৰ আলগা ৫ম খণ্ড গাঁৱৰ ব্ৰহ্মপুত্ৰ শাখা নদীৰ গৰা খহনীয়াই অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ শাখা নদীৰ গৰাখহনীয়াৰ বাবে কৃষি ভূমি, ঘৰ-বাৰী, শিক্ষা প্ৰতিষ্ঠান আদি নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ লগতে অঞ্চলটোৰ নদী কাষৰীয়া একমাত্ৰ যাতায়ত পথৰো শাখা নদীৰ গৰাখহনীয়াই অচলাৱস্থা সৃষ্টি কৰিছে।