newsnextone.com | তামুলপুৰঃ সমগ্ৰ ৰাজ্যৰ লগেত তামুলপুৰ মহকুমা প্ৰশাসনে এই বেলি ১৩, ১৪, ১৫ আগষ্ট তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসুচিৰে দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। ১৪ আগষ্ট’ৰ পুৱা স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত সমূহীয়া দৌৰ, স্কুল সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি, চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
১৫ আগষ্ট’ৰ পুৱা প্ৰভাত ফেৰী, নাগৰিক সকলৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত পতাকা উত্তোলন, ৯ বজাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সমূহীয়া কাৰ্যসুচী আৰম্ভ হয়। কাৰ্যসুচিৰ প্ৰথমে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰীই।