ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ড সম্পৰ্কে যিমানেই কঢ়া নিৰ্দেশনা নিদিয়ক কিয়, কেন্দ্ৰ চৰকাৰে সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ড বাধ্যতামুলক কৰিবলৈ উঠি-পৰি লাগিছে। এনেদৰে কেন্দ্ৰৰ তৎপৰতাত হয়তো এদিন গৰুৱেও পাব ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ।
এএনআইয়ে জনোৱামতে উচ্চতম ন্যায়ালয়ত সোমবাৰে কেন্দ্ৰ চৰকাৰে দাখিল কৰা এক প্ৰতিবেদনত চকু কপালত উঠা প্ৰস্তাৱ দাঙি ধৰিছে কেন্দ্ৰ চৰকাৰে। দেশজুৰি প্ৰতিটো গৰুৰ বাবে চিনাক্তকৰণৰ নম্বৰ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে উচ্চতম ন্যয়ালয়ক অনুৰোধ জনাইছে।