newsnextone.com| প্ৰাথমিক শিক্ষা খণ্ডত সংযোজন ঘটাই গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে দেশৰ সকলো প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা গুৰুসকলক বিশেষভাৱে প্ৰশিক্ষিত কৰি তোলাৰ উদ্দেশ্যেৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ (২০১৯ বৰ্ষৰ পূৰ্বে) চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ সকলো শিক্ষককে NIOS ৰ দ্বাৰা প্ৰাথমিক শিক্ষকতাৰ ডিপ্লমা পাঠ্যক্ৰম বাধ্যতামূলক কৰা হ’ল৷ মুঠৰ ওপৰত চৰকাৰী বা বেচৰকাৰীয়ে হওক শিক্ষকতা কৰিবলৈ প্ৰতিজন শিক্ষকে উক্ত ডিপ্লমা গ্ৰহণ কৰাটো বাধ্যতামূলক৷
উক্ত নিৰ্দেশৰ পাছতেই NIOS দ্বাৰা কেতবোৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়ন কেন্দ্ৰ সৃষ্টি হ’ল তাৰ পাছত গৃহকাৰ্য জমা দিয়াকে ধৰি বহুতো সমস্যাৰ সন্মুখীন হ’ল সেয়াও এক অন্য বিষয়৷ কিন্তু শেহতীয়াকৈ উক্ত কাৰ্যসূচীৰ মাপকাঠি নিৰ্ধাৰণ কৰিবলৈ অনুষ্ঠিত কৰা পৰীক্ষাৰ প্ৰশ্ন কাকত দেখি হতভম্ব শিক্ষক সমাজ৷ বাৰেপাচি ভুল শব্দ আৰু বাক্যৰ গাঁঠনিৰে তৈয়াৰ প্ৰশ্ন কাকত দেখি থৰকাছুটি হেৰুওৱা শিক্ষকে কিদৰে প্ৰশ্নৰ উত্তৰ লিখিব সেয়া সম্প্ৰতি ডাঙৰ প্ৰশ্ন!