newsnextone.com| ডিফুঃ অত্যাধিক লোড শ্বেডিং আৰু বিদ্যুতৰ অভাৱনীয় নাটনিৰ বাবে ডিফুৰ ৰাইজৰ মাজত হাহাকাৰ চলি থকা অৱস্থাত ডিফুৰ বিদ্যুত উপভোক্তা সকললৈ এক সুখবৰ৷ হয়, ডিফুৰ বিদ্যুত সংমণ্ডল এলেকাৰ ৰাইজৰ সুবিধাৰ্থে আজি ডিফুৰ পাৱাৰ হাউছত শুভ উদ্ধোধন কৰা হৈছে ভাৰত চৰকাৰৰ নগৰ বিদ্যুত যোগান উন্নয়নৰ বাবে থকা মহত্বপূৰ্ণ যোজনা ইণ্টিগ্ৰেটেড পাৱাৰ ডেভ’লপমেণ্ট স্কীম চমুকৈ আই পিডিএছৰ৷
যোজনাটোৰে শুভ উদ্ধোধন কৰে চিঅ’ বিশ্বজিত কৰে৷ তেওঁৰ সহযোগ কৰে ডিফু বিদ্যুত উপ সংমণ্ডলৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰী, ডিফু নগৰ সমিতিৰ দায়িত্ব থকা কাৰ্যবাহী বিষয়া, এজিএম কাকতি আৰু জনৈক ইংলেং, যোজনাটোৰ ৰূপায়ণ আৰু কামৰ দায়িত্ব লাভ কৰা এন্ কে প্ৰডাকছনৰ কাৰ্যবাহী কণ্ট্ৰেক্টৰ দীপক শৰ্মা আৰু ডিফু মহকুমাৰ দায়িত্বত থকা মহকুমা কাৰ্যাবাহী অভিযন্তা৷