newsnextone.com | ডিজিটেল ডেস্কঃ ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে বাৰেণ বফেক পিছ পেলাই বিশ্বৰ তৃতীয় সবাতকৈ ধনী ব্যক্তি হিচাপে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে৷ ‘ব্লুমবৰ্গ বিলিয়নাৰ ইনডেস্ক’ৰ সমীক্ষা অনুসৰি, ইন্টাৰনেট ব্যৱসায়ী কোম্পানী ‘এমেজন’ৰ সংস্থাপক জেফ বেজোচ আৰু মাইক্ৰ’চফটৰ সহ-সংস্থাপক বিল গেটছে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ দুটা স্থান অধিকাৰ কৰি আছে৷

ব্লুমবাৰ্গ ইনডেস্কৰ মতে, ৩৪ বৰ্ষীয় জুকাৰবাৰ্গৰ সম্পত্তি বৰ্তমান বাৰেণ বফেতকৈ ২৫৩৬.৪ কোটি টকা বৃদ্ধি পাইছে৷ বৰ্তমান জুকাৰবাৰ্গৰ মুঠ সম্পত্তি ৮১৬০ কোটি ডলাৰ৷ যাৰ ভাৰতীয় হিচাপ ৫.৫৫ লাখ কোটি টকা৷ 

উল্লেখ্য যে, বাৰেণ বফে বিশ্বৰ আটাইতকৈ সফল বিনিয়োগকাৰী হিচাপে জনাজাত৷ তেওঁ কোম্পানীৰ চেয়াৰত বিনিয়োগ কৰি অধিকতম ধন উপাৰ্জন কৰি আহিছে৷ তেওঁৰ বিনিয়োগ কোম্পানীৰ নাম হৈছে বৰ্কচায়ৰ হেথৱে৷

ব্লুমবাৰ্গ ইনডেস্কৰ মতে, টেকনল’জিৰ সৈতে জড়িত ব্যক্তিৰ সম্পত্তি ৫ ত্ৰিলিয়ন ডলাৰৰো অধিক হৈ পৰা দেখা গৈছে৷ বিশ্বৰ আন কোনো ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিয়ে ইমান সম্পত্তি গঢ়িব পৰা নাই বুলিও ব্লুমবাৰ্গ ইনডেস্কে দাবী কৰিছে৷

চলিত বৰ্ষত ডাটা লীক সম্পৰ্কিত ঘটনাৰ পিছত ফেচবুকৰ সংস্থাপক জুকাৰবাৰ্গৰ চেয়াৰ ১৫ শতাংশৰো অধিক ভাগি যোৱা পৰিলক্ষিত হৈছিল৷ যাৰ প্ৰৰিপ্ৰেক্ষিতত বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত জুকাৰবাৰ্গৰ নাম সপ্তম স্থানলৈ অৱনতি ঘটিছিল৷ শেহতীয়াকৈ ডাটা লীকৰ ক্ষেত্ৰত ফেচবুকে কঠিন পদক্ষেপ গ্ৰহণ কৰাৰ পিছত বিনিয়োগকাৰীয়ে পুনৰ জুকাৰবাৰ্গৰ ওপৰত বিশ্বাস প্ৰদৰ্শন কৰাত চেয়াৰৰ উত্থান ঘটে৷