ফেক্ট চেকিংঃ ৰিপাব্লিক টিভি নামৰ এটা ৰাষ্ট্ৰীয় নিউজ চেনেলে মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত গণপ্ৰহাৰ প্ৰসংগ টানি আনি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সময়তে ছ’চিয়েল মিডিয়াত পুনৰ তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে কেইখনমান আপত্তিজনক ফটো। এই আপত্তিজনক ফটোকেইখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰি সেয়া ছোনিয়া গান্ধীৰ বুলি দাবী কৰা দেখা গৈছে।
ফটোকেইখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰা লোকসকলে কংগ্ৰেছ নেত্ৰীগৰাকীক লৈ ভিন্ন ধৰণৰ মন্তব্যও কৰিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাইৰেল হৈ পৰা উক্ত ফটোকেইখন পুনৰ সমগ্ৰ দেশৰ লগতে অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰো একাংশই পোষ্ট কৰা পৰিলক্ষিত হৈছে।