185
চন্দ্ৰযান-২ৰ বিফলতাৰ ফূৰ্তিত ৰসগোল্লা খাওতে ডিঙিত লাগি মৃত্যু বাংলাদেশীৰ। এটা বাতৰিৰ শিৰোনাম। বাতৰিটো ইতিমধ্যে অসমৰ নেটিজেনসকলৰ মাজত একপ্ৰকাৰ ভাইৰেল হৈ পৰিছে। হয়তো বাতৰিটো আপুনিও শ্বেয়াৰ কৰিছে। বাতৰিটোত আৰু কোৱা হৈছে যে চন্দ্ৰযান–২ৰ বিফলতাক লৈ ভাৰতত নিৰাশাৰ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে বাংলাদেশত একাংশ লোকে উৎসৱ পালন কৰিছে। পিছে এই বাতৰি কিমান সত্য? মানুহৰ মৃত্যু ঘটিব পৰাকৈ ৰসগোল্লা সঁচাকৈয়ে ডিঙিত লাগি ধৰিব পাৰেনে?