117
কলাইগাঁওঃ উৰাবাতৰিৰ শেষ নাই। সেয়া লাগিলে ছচিয়েল মিডিয়াতে হওক, বা ইকাণে-সিকাণে বাগৰা উৰাবাতৰিয়ে হওক। এজনৰ পৰা পাঁচজন, পাঁচজনৰপৰা আকৌ পঁচিশজন-এনেদৰেই ধুমুহাৰ বেগেৰে বিয়পে উৰাবাতৰি। বিভ্ৰান্ত হয় সাধাৰণজন।
এনেই এক ঘটনা ঘটিল কলাইগাঁৱত। উৰাবাতৰি পিছে গণেশে গাখীৰ খোৱা, বাটত ভূত ওলোৱাবিধৰ নহয়। নৰবলিৰ উৰাবাতৰি। কলাইগাঁৱৰ মুৰাদেউৰ থানত আজি নৰবলি দিয়া হ’ব বুলি কোনোবাই উলিওৱা উৰাবাতৰি এটাতে পতিয়ন গৈ থানখনত দেখা গ’ল বৃহত্তৰ কলাইগাঁও অঞ্চলৰ ৰাইজৰ ভিৰ।