গোসাঁইগাঁওঃ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তস্থিত আন্তঃৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰত আজি শিমুলটাপু আৰক্ষীয়ে অভিযান চলাই ফেন্সিডাইল বোজাই কৰি অনা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ তথ্যৰ ভিত্তিত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটি দলে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা পিঁয়াজ কঢ়িয়াই অনা ডব্লিউ বি ১১ বি ১২৬৯ নম্বৰৰ দহচকীয়া ট্ৰাকখন জব্দ কৰি তালাচী চলোৱাত বৃহৎ পৰিমাণৰ ফেন্সিডাইল উদ্ধাৰ হয়।