85
মোৰাঝাৰঃ আপুনি কৃষক হয়নে? কৃষক বুলি আপোনাৰ প্ৰমাণ পত্ৰ আছে নে নাই? যদি নাই আপুনি সাৱধান৷ আপুনি উৎপাদন কৰা ধান বিক্ৰী কৰিব নোৱাৰিব৷ কিয়নো প্ৰমাণ পত্ৰ নাথাকিলে এফ চি আইয়ে ক্ৰয় নকৰে আপোনাৰ ধান৷
দিনৰ দিনটো পিঠি পোৰা ৰ’দত কপালৰ ঘাম মাটিত পেলাই খেতি কৰে দৰিদ্ৰ কৃষকে৷ তাৰ মাজতে কেতিয়াবা বান, কেতিয়াবা খৰাং আৰু কেতিয়াবা পোকে খেতিয়কৰ সপোন নষ্ট কৰে৷ কষ্টৰে কৰা খেতিৰ উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া কৃষকসকলক প্ৰয়োজন হৈছে কৃষকৰ প্ৰমাণ পত্ৰ৷