ৰঙিয়াঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভূমি আৰু ৰাজহ সেৱাত অসমৰ ভিতৰত ৫৪ তম্ স্থান দখল কৰিৱলৈ সক্ষম হোৱা ৰঙিয়াৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মৃণাল হালৈক আজি ৰঙিয়া গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকলে সম্ভৰ্ধণা জনায় । ৰঙিয়া গড়কাপ্তানি বিভাগৰ চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী দেৱেন হালৈৰ পুত্ৰ মৃণাল হালৈয়ে অতিকষ্টৰে অধ্যায়ন কৰি এনেদৰে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাত গৌৰম্বিত হৈ পৰিছে ৰঙিয়া গড়কাপ্তানি বিভাগৰ সমুহ বিষয়া তথা কৰ্মচাৰী সকলে । আজি মেধাৱী ছাত্ৰ জনকৰ লগতে পিতৃ আৰু পৰিয়ালৰ সদস্য সকলক সম্ভৰ্ধণা জনোৱাৰ উদ্দেশ্যে বিভাগটোৰ কাৰ্য্যালয় চৌহদত এখন সম্ভৰ্ধণা সভাৰ আয়োজন কৰা হয় ।
ৰঙিয়া গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা হেমন্ত দেউৰী ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত বিভাগটোৰ মুল কাৰ্যালয়ৰ লগতে ৰঙিয়া, গোৰেশ্বৰ উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকল উপস্থিৰ থাকে । বিষয়া কৰ্মচাৰীৰ লগতে প্ৰায় দুইশতাধিক বিভাগীয শ্ৰমিক উপস্থিত থকা সভাখনত মৃণাল হালৈৰ লগতে ৰঙিয়া গড়কাপ্তানি বিভাগৰ শ্ৰমিক পিতৃ দেৱেন হালৈক শঁৰাই ফুলাম জাপি, ফুলাম গামোচা আৰু মানপত্ৰৰে সম্ভৰ্ধণা জনোৱা হয় । সভাত বিভাগটোৰ কেইবাজনো বিষয়া কৰ্মচাৰীয়ে বক্তব্য ৰখাৰ লগতে বিভাগটোৰ কাৰ্য্যবাহী আভিযন্তা গৰাকীয়ে ভাষণ ৰাখে । ভাষণ প্ৰসংগত কাৰ্যবাহী অভিযন্তা হেমন্ত দেউৰী ভৰালীয়ে কয় যে ৰঙিয়া গড়কাপ্তানি বিভাগৰ শ্ৰমিক দেৱেন হালৈৰ পুত্ৰ মৃণাল হালৈক লৈ ৰঙিয়া বাসীৰ লগতে বিশেষকৈ ৰঙিয়া গড়কাপ্তানি বিভাগৰ সমুহ কৰ্মচাৰীয়ে অধিক উৎফুল্লিত তথা গৌৰম্বিত হৈ পৰিছো । আমাৰে এজন শ্ৰমিক কৰ্মচাৰীৰ পুত্ৰ মৃণাল হালৈয়ে দৰিদ্ৰতাক নেঁওচী নিজৰ মেধা শক্তিৰ পৰিচয় দিয়াটো বৰ্তমান সময়ত এটা ডাঙৰ কথা বুলি কাৰ্যবাহী অভিযন্তা গৰাকীয়ে উল্লেখ কৰে । পিতৃ দেৱেন হালৈয়ে গড়কাপ্তানি বিভাগত কৰ্মৰতহৈ অতি সামন্য টকাৰে ঘৰখনৰ চাৰিজনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ উপৰিও নিজৰ সন্তান কেইটাক এনেদৰে মানুহ কৰাৰ বাবে যেনে দৰে আপ্ৰাণ চেষ্ঠা চলাইছে ই এক ডাঙৰ কথা । সেই বাবে এনে পিতৃ মাতৃ সমজত প্ৰকৃততে সন্মানৰ পাত্ৰ বুলি কাৰ্যবাহী অভিযন্তা গৰাকীয়ে উল্লেখ কৰে ।