newsnextone.com | গুৱাহাটীঃ এজাক বৰষুণতে প্লাৱিত হৈ পৰে মহানগৰীৰ প্ৰায় প্ৰতিটো পথ-উপপথ। পৰিৱৰ্তনৰ সপোন দেখুৱাই গাদীত বহা বিজেপি চৰকাৰে দুবছৰ পাৰ কৰাৰ পিছতো কৃত্ৰিম বান পৰিস্থিতিৰ কোনো উন্নতি নঘটাত অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী মহানগৰবাসীয়ে।
২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি দলে গুৱাহাটীত আটক ধুনীয়া কৰাৰ লগতে কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ আশ্বাস দিছিল। ইমানে নহয় প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে দেশৰ কেইবাখনো চহৰৰ লগতে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ সংকল্প গ্ৰহণ কৰিছিল। কিন্তু বিজেপি দলে দিয়া সকলো প্ৰতিশ্ৰুটি ফুটুকাৰ ফেনত পৰিণত হ’ল।