নগাঁৱৰ জাজৰিত চিকিৎসালয়ৰ শৌচাগাৰৰ টেংকিত দমে দমে উদ্ধাৰ  বিনামূলীয়া ঔষধ
চিকিৎসালয়ত ৰাইজে ওলমালে তলা 

নগাঁওঃ উন্মোচিত হ’ল বহু বল্কী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগৰ এখন পয়ালগা ছবি । চিকিৎসালয়ৰ  শৌচাগাৰৰ টেংকিত দমে দমে উদ্ধাৰ হল চৰকাৰী বিনামূলীয়া ঔষধ । চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জাজৰি ৰাজ্যিক চিকিৎসালয়ত ৷ চিকিৎসালয়ৰ  শৌচাগাৰ টেংকিত দমে দমে ওলাল বিনামূলীয়া ঔষধ । 

যি সময়ত পৰিবৰ্তনকামী চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে,ঠিক সেই সময়তে নগাঁৱৰ এই চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপটো স্পষ্টৰূপত উদঙাই দিছে। দৰিদ্ৰ ৰোগীক বঞ্চিত কৰি শৌচালয়ৰ টেংকিত পেলাই দিছে চৰকাৰী ঔষধ ৷ তদুপৰি চিকিৎসালয়খনত উপস্থিত নাথাকে চৰকাৰী চিকিৎসক৷ যাৰ বাবে শুকুৰবাৰে পুৱাই উত্তপ্ত হৈ পৰিল জাজৰি ৰাজ্যিক চিকিৎসালয় চৌহদ ৷ চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি ওলমালে তলা ৷  

ৰাইজৰ অভিযোগ বহুদিনৰে পৰা চিকিৎসালয়খনৰ আন্ত:গাঁঠনিৰ উন্নয়ন তথা নিয়মীয়াকৈ এগৰাকী চিকিৎসক চৌহদৰ ভিতৰৰ চৰকাৰী আবাসগৃহত থাকি ৰাইজক  সেৱা আগবঢ়াবলৈ দাবী জনাই অহাৰ পিছতো নিৰ্বিকাৰ হৈ আছে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষ। এতিয়া প্ৰশ্ন হৈছে ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিবনে ? সেইয়া হে লক্ষণীয় হব ।
জয়ন্ত মুদৈ,নগাঁও