চামগুৰিঃ প্ৰবীণ মুক্তিযোদ্ধা, বিশিষ্ট সমাজকর্মী বদন চন্দ্ৰ শর্মাৰ ৯০ বছৰ বয়সত শুকুৰবাবে পুৱা ৮ বজাত নগাঁও জিলাৰ পুৰণিগুদাম হাতীগাঁৱৰ নিজ বাসগৃহত মৃত্যুক আকোৱালি লয়৷ নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনীৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৪০ৰ দশকত স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল৷
মুক্তি যুঁজাৰুগৰাকী নগাঁও জিলাত পৰিচিত লোক আছিল৷ দেশ স্বাধীন হোৱাৰ পাছত জিলাখনৰ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ লগতে স্বাধীনোত্তৰ কালৰ পৰা বহু বছৰ ধৰি হালোৱাগাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷