কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ ময়নাগুৰীত এটা পৰিয়ালকেন্দ্ৰিক বিবাদৰ পৰিণতিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। উত্তৰ ময়নাগুৰীৰ ৰমনী সূত্ৰধাৰৰ পুত্ৰ তথা মানসিক বিকাৰগ্ৰস্থ উত্তম সুত্ৰধৰ (২৫)ৰ সতে যোৱা দেওবাৰে নিশা পৰিয়ালৰ আন সদস্যসকলৰ সতে কোনো কথাক লৈ কাজিয়াৰ সুত্ৰপাত হয়। অভিযোগ অনুসৰি পৰিয়ালকেন্দ্ৰিক কাজিয়াত পৰিয়ালৰ আন সদস্যসকল একত্ৰিত হৈ উত্তম সূত্ৰধাৰক আক্ৰমণ কৰে আৰু বাঁহৰ লাঠীৰে মাৰধৰ কৰে।
বাঁহৰ লাঠীৰে আক্ৰমণ কৰাৰ সময়ত দুৰ্ভাগ্যজনক বাৱে উত্তম সূত্ৰধাৰ গুৰুতৰভাৱে আহত হয় আৰু ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয়। ইফালে উত্তম সূত্ৰধাৰ নিহত হোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ মাজত হুৱাদূৱা লাগে আৰু সমস্ত ঘটনাটো গাপ দিবলৈ উত্তম সূত্ৰধাৰৰ মৃতদেহ টয়লেটৰ টেংকীত লুকুৱাই থয়। আনহাতে মানসিক বিকাৰগ্ৰস্থ যুৱক উত্তম সূত্ৰধাৰক নেদেখি গাঁৱৰ একাংশই পৰিয়ালৰ সদস্যক সোধ পোছ কৰে যদিও পৰিয়ালৰ সদস্যই কাজিয়াৰ পিছতে পলাই যোৱা বুলি অৱগত কৰে।