90
তেজুপৰঃ ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত যোৱা কেইবা দিনৰ ভিতৰত বহুকেইটা অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ ফলত জনসাধাৰণ চিন্তিত হৈ পৰিছে৷ সেনা-আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা তেজপুৰ চহৰত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে চিন্তিত হ’ব লগা হৈছে ৰাইজ৷
প্ৰেমজনিত কাৰণত এজন যুৱকক হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ ডকাইতি কাণ্ড সংঘটিত হ’ল চহৰত৷ জানিব পৰা মতে, তেজপুৰ চহৰৰ সমীপৰ পৰোৱাত নিশা এটি বেংক লুটি নিয়াৰ চেষ্টা চলাই দুৰ্বৃত্তই৷