গুৱাহাটীঃ অসম মুলুকত কিছুদিন পূৰ্বলৈ আলফা নেতা বুলি কলে অলপ সমীহ কৰিছিলেই৷ এতিয়া যেন জোৰ নোহোৱা হল আলফাৰ৷ একালৰ দুৰ্ধৰ্ষ নামধাৰী হীৰা, জিতেন, প্ৰৱাল, অনুপ হঁতক এতিয়া নিজ জন্মভূমিতে ভাবুকি দিব পৰা হ’ল কোনোৱে৷ সেয়াও মুকলিকৈ৷ এয়া লাজৰ বিষয় নহয় প্ৰকৃততে এয়া চিন্তাৰ হে বিষয়৷ বঙালী সংগঠনৰ এইবাৰ টাৰ্গেট আলফা নেতা৷
সেয়াও সৰু সৰু আলফা নেতা নহয় একালৰ মহা প্ৰতাপী যাক বিছাৰি সেনা-আৰক্ষীয়ে হাবি-জংঘল চলাধ কৰিছিল৷ সেইগৰাকী জিতেন দত্তক মুকলি ভাবুকি প্ৰদান কৰিছে এটি অখ্যাত বাঙালী সংগঠনে৷