ডিজিটেল ডেস্কঃ বিনয়ী হ’বলৈ গৈ নিজৰ ভৰিতে কুঠাৰ মাৰিলে আম আদমি পাৰ্টিৰ মুখ্য সংযোজক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পাঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি আকালি দলৰ নেতা, পাঞ্জাৱৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী বিক্ৰম মাঝিথিয়াক ৰাজহুৱাভাৱে ক্ষমা খুজিলে কেজৰিৱালে৷
ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ লগে লগে বিৰোধীৰ আক্ৰমণৰ লগতে নিজ দলৰ নেতা-কৰ্মীৰ ৰোষত পৰাৰ দৰেই হৈছে কেজৰিৱালৰ। যোৱাটো পাঞ্জাৱৰ বিধান সভা নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ হৈ পাঞ্জাৱত প্ৰচাৰ চলাবলৈ গৈ তেতিয়াৰ পাঞ্জাৱৰ মন্ত্ৰী মাঝিথিয়াৰ বিৰুদ্ধে পাঞ্জাৱত নিচাযুক্ত দ্ৰব্য সৰবৰাহ চক্ৰৰ সৈতে জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছিল কেজৰিৱালে।