গোলাঘাট, ৩১ জুলাই : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক শ্ৰীযুতা অজন্তা নেওগে আজি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ অধীনত গোলাঘাট সমষ্টিৰ গোলাঘাট জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত ওৱাটিং পাইপ পানীযোগান আঁচনিৰ পৰা নলযোগে বিশুদ্ধ পানীৰ গৃহসংযোগ ব্যৱস্থাৰ শুভাৰম্ভ কৰে । এই উপলক্ষে পানী যোগান আচঁনিখনৰ চৌহদত আয়োজিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে পানীয়েই প্ৰাণ মূলমন্ত্ৰৰে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই অভিলাষী জল জীৱন অভিযানৰ দ্বাৰা প্ৰথম পৰ্যায়ত গোলাঘাটৰ ২০ হাজাৰ পৰিয়ালক পানী যোগানৰ লক্ষ্য লোৱা হৈছে ।
দ্বিতীয় পৰ্যায়তো আচঁনিখনৰ অধীনত প্ৰায় ২০ হাজাৰ পৰিয়ালক সামৰি লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ কয় যে জল জীৱন অভিযানৰ অধীনত ৰূপায়ন হ’বলগীয়া আঁচনিসমূহৰ মেৰামতি আৰু চোৱা-চিতা কৰাৰ দায়িত্ব পঞ্চায়তসমূহে গ্ৰহণ কৰিব । গোলাঘাটৰ নলযোগে পানী যোগানৰ ২০০খন আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালকে পানী যোগান ধৰা হ’ব বুলি তেওঁ কয় । আনহাতে ৩৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মীয়মান মেগা আঁচনিৰ অধীনত ধনশিৰি নদীৰ পৰা পানী উত্তোলন কৰি পদুমনি উন্নয়ন খণ্ডৰ অধীনৰ ১৪ খন গাঁও পঞ্চায়তৰ প্ৰতিটো পৰিয়ালক আৰ্চেনিকমুক্ত পানী যোগান ধৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । তেওঁ কয় যে ইতিমধ্যে আঁচনিখনৰ অধীনৰ ৬টা মণ্ডলৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকী থকা এটা মণ্ডলৰ কাম সম্পূৰ্ণ হ’লেই এই আঁচনিখনৰ অধীনত পানী যোগান আৰম্ভ কৰিব পৰা যাব । পানী যোগান আঁচনিসমূহ কেৱল চৰকাৰৰ সম্পত্তি নহয় বৰং ৰাইজৰ সম্পত্তি বুলি উল্লেখ কৰি এনে আঁচনিসমূহক জীয়াই ৰখাৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত প্ৰতিনিধি আৰু জনসাধাৰণৰ প্ৰতি আহ্বান জনায় ।