121
জোনাইঃ সন্মিলিত গণ শক্তি দলে সোমবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰে৷ সম অধিকাৰ আৰু সম উন্নয়ন শ্ল’গানেৰে ২০০৫ চনত জন্ম লাভ কৰা ৰাজনৈতিক দলটোক লৈ আজিও মিছিং ৰাইজে সপোন দেখে৷ গনশক্তিৰ প্ৰতি আজিও আছে মানুহৰ আদৰ৷
কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ বাবে সময়ে সময়ে দলটোক কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে বিলীন হৈ যাব বুলি ৰাইজে আশংকা কৰে৷ তাৰ মাজতে সোমবাৰে সন্মিলিত গণ শক্তি, অসমে ১৩ তম প্ৰতিষ্ঠা দিৱস ব্যাপক উলহ-মালহেৰে জোনাইত পালন কৰে।