ডিজিটেল ৰিপ’ৰ্টঃ গুগল মেপছ। এতিয়া আৰু কোনেও অচিনাকি ঠাইলৈ গৈও বিপদত পৰিব নালাগে, যদিহে হাতত এটা স্মাৰ্ট ফোন আৰু ইণ্টাৰনেট সংযোগ থাকে। বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশতো অধিক জনপ্ৰিয় হৈ পৰিছে গুগলৰ এই মেপ ফিচাৰ। এপ বেছড কেব ছাৰ্ভিছৰ আগমন ঘটাৰ লগে লগে এই গুগল মেপৰ ব্যৱহাৰ যোৱা দুবছৰত পূৰ্বতকৈ কেবাগুণে বৃদ্ধি পাইছে।
ভাৰতত মেপ ফিচাৰৰ এনে জনপ্ৰিয়তালৈ চাই শেহতীয়াকৈ গুগলে কেবাখনো চহৰত স্থানীয় ভাষা সংযোজনেৰে গুগল মেপছক দ্বিভাষিক কৰি তুলিছে। এই অনুযায়ী তামিলানাডুত ‘বাই ডিফল্ট’ গুগল মেপছত ঠাইসমূহৰ নাম ইংৰাজীৰ লগতে তামিল ভাষাত দেখিবলৈ পোৱা গৈছে। একেদৰে গুজৰাটত ইংৰাজীৰ লগতে গুজৰাটী, উত্তৰ ভাৰতত ইংৰাজীৰ লগতে হিন্দী আৰু পশ্চিম বংগত ইংৰাজীৰ লগতে বাংলা ভাষাত ঠাইসমূহৰ নাম জিলিকি উঠিছে।