70
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ অন্তৰ্গত পাটগাঁওৰ বাংলাঝোৰা গাঁৱত কালি নিশা এগৰাকী নাৱালিকাক বলাৎকাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
প্ৰাপ্ত বাতৰি মতে বাংলাঝোৰাৰ শ্ৰমিক পৰিয়ালৰ কন্যা তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে কিবা কথাত পিতৃৰ দাবী ধমকি খাই নিজ ঘৰৰ পদুলিমুখলৈ ওলাই আহে। অসহায় ছোৱালীজনীক ৰাজমিস্ত্ৰী এজনে প্ৰত্যক্ষ কৰে আৰু আন্ধাৰৰ সুযোগ লৈ ৰাজমিস্ত্ৰীজনে নাৱালিকা গৰাকীক মুখত সোপা দি কাষৰ জংঘললৈ টানি লৈ যায়।