গোৰেশ্বৰঃ নিখিল ভাৰত কৃষক সভাৰ বাগসা জিলাৰ গোৰেশ্বৰ, পূব গোৰেশ্বৰ, মহৰিপাৰা, পূব ডেফেলী, কাউৰবাহা আৰু মহৰিপাৰা পশ্চিম আঞ্চলিক সমিতিৰ কৃষক সভাই গভীৰ উদ্বেগেৰে প্ৰকাশ কৰে যে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰা কৃষক ৰাইজৰ দুখ-দৰ্দশা, সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কৃষিনীতি, ভূমিনীতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহে কৃষিজীৱী জনতাক সকাহ দিয়াৰ সলনি আতংকিতহে কৰি তুলিছে।
বিজেপি মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যত ব্যাপক কৃষক উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। অসমৰ বিভিন্ন প্ৰান্তত ৰে’লৰ মাটি, খাচ মাটি, পিজিআৰ, ভিজিআৰ, বনাঞ্চল আদিৰ মাটিত বহু বছৰ ধৰি বসবাস কৰি থকা হাজাৰ হাজাৰ পৰিয়ালক হয় উচ্ছেদ কৰা হৈছে নতুবা উচ্ছেদৰ জাননী দিয়া হৈছে। পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনেও যে মাটিৰ পট্টা দিব তাৰ কোনো নিশ্চয়তা নাই।