ডিজিটেল ডেস্কঃ এজনৰ মৃত্যুৰ পিছত পাৰ হৈ গৈছে ৬টাকৈ বছৰ। আনজনৰ মৃত্যু হৈছিল প্ৰায় এক দশক পূৰ্বে। কিন্তু ৰাজস্থানৰ এটি আধাৰ কেন্দ্ৰৰ জৰিয়তে পুনৰ উভতি আহিছে দুয়োজন। ইয়াৰে এজন হৈছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ নেতা ওছামা বিন লাডেন। আনজন ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন।
জানিব পৰা মতে লাডেনৰ নামত এটি ই-আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ডৰ বাবে আবেদন জনাইছে ছাদ্দামে। এই ঘটনা ৰাজস্থানৰ ভিলওৱাৰা জিলাত। আমেৰিকাৰ ৯-১১ কাণ্ডৰ মূল অভিযুক্ত ওছামা বিন লাডেনৰ নামতে আধাৰ কাৰ্ডৰ বাবে আবেদন জনাইছে ছাদ্দাম হুছেইন নামৰ এজন লোকে। লাডেনৰ তথ্যসহ এখন অস্পষ্ট ছবিও অনলাইন প্ৰ-পত্ৰত আপলোড কৰিছে ৰাজস্থানৰ ছাদ্দামে।