75
আজাৰাঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বুধবাৰে বন বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘মুখ্যমন্ত্ৰীৰ সেউজ উদ্যান’ৰ আধাৰশিলা স্থাপন কৰে।
পূৱ কামৰূপ বন সংমণ্ডৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ অধীনত থকা দীপৰ বিলৰ পাৰ্শ্বৱৰ্তী মিকিৰপাৰা সংৰক্ষিত বনাঞ্চলত প্ৰদূষণ মুক্ত অসম গঢ়াৰ উদেশ্যেই মুকলি কৰে এই উদ্যানখন।