নগাঁওঃ নিবনুৱা যুৱকক ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ নামত বুজন পৰিমাণৰ ধন লৈ চূড়ান্ত প্ৰতাৰণাৰ আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ এজন প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে৷ আনকি ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাটি দিব নোৱাৰি যুৱকজনৰ পৰা লোৱা ধন পুনৰ যুৱকজনক ঘূৰাই দিয়াৰ নামত মিথ্যাচাৰী নেতাজনে দিয়া চেকো বাউন্স হয় ৷
বিগত বিধানসভা নিৰ্বাচনত জাগীৰোড সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই পৰাজয় বৰণ কৰা এই নেতাজনৰ নাম হৈছে পুতুল চন্দ্ৰ দাস ৷ জানিব পৰা মতে, প্ৰাক্তন আলফা নেতা পুতুল চন্দ্ৰ দাসে নগাঁও চহৰৰ মাৰোৱাৰী পট্টিত থকা তেওঁৰ মাটিত ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবৰ বাবে অনুমতি প্ৰদানৰ নামত বৰবজাৰৰ ইমৰাণ হুছেইন নামৰ নিবনুৱা যুৱক এজনৰ পৰা ডেৰ লাখ টকা নিৰাপত্তাৰ ধন হিচাপে লৈছিল।