মৰিগাঁওঃ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিমলুগুৰি অঞ্চলত অসম আন্দোলনৰ ছহীদ শ্ৰীকান্ত মেধিৰ ছহীদ বেদী নিজ গৃহতে সম্পূৰ্ণ কৰি উলিয়াবলগা হ’ল তেওঁৰ পৰিয়ালবৰ্গই। অতি দুখীয়া পৰিয়ালৰ ছহীদ শ্ৰীকান্ত মেধিৰ পত্নী যুগেমাই মেধিয়ে অশেষ কষ্টৰে এই ছহীদ বেদী সাজি উলিয়ায়।
পতিৰ স্মৃতিক সুঁৱৰি আজি তেওঁ যথেষ্ট আৱেগিক হৈ পৰে। জিলা ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে নৱনিৰ্মিত ছহীদ বেদীৰ শুভ উন্মোচনী কৰি দিয়া ভাষণত পোন প্ৰথমে এটা সুন্দৰ ছহীদ বেদী নিৰ্মাণ কৰি উলিওৱা বাবে ছহীদ শ্ৰীকান্ত মেধিৰ পৰিয়ালৰ লগতে তেখেতৰ পত্নীক ধন্যবাদ জনায়।