•  প্ৰতিযোগিতাখনি আনুস্থানিকভাৱে শুভ উদ্ভোধন কৰে ডুমডুমা সমষ্টিৰ বিধায়ক দূৰ্গা ভূমিজে
  • গ্ৰাম্যঞ্চলত থকা লুপ্ত ক্ৰীড়া প্ৰতিভাসমুহ বিকাশৰ উদ্দেশ্য আগত ৰাখিয়েই ক্ৰীড়া প্ৰতিযোগিতাখনি আয়োজন কৰা বুলি উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিছে

কাকপথাৰঃ  অইল ইণ্ডিয়া লিমিটেড ( দুলিয়াজানৰ)ৰ সৌজন্যত,কৰ্দৈগুৰি আঞ্চলিক যুৱ সংঘ আৰু তালাপ কৰ্দৈগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ১নং হাতীশাল গাওঁ যুৱক সংঘ ,বৰগড়া সমন্বয় যুৱক সংঘ আৰু কৰ্দৈগুৰিবাসী ৰাইজৰ সহযোগত আজিৰে পৰা  তিনিদিনিয়াকৈ ক্ৰীড়া প্ৰতিযোগিতাৰ আৰম্ভ হৈছে৷ 

তালাপ কৰ্দৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু ১নং হাতীশাল গাওঁ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা ক্ৰীড়া প্ৰতিযোগিতাখনি আনুস্থানিকভাৱে শুভ উদ্ভোধন কৰে ডুমডুমা সমষ্টিৰ বিধায়ক দূৰ্গা ভূমিজে। পতাকা উওোলন কৰে  উদ্যোক্তা আৰু সহযোগী সংগঠনৰ সভাপতি সকল ক্ৰমে, নৰেন মৰান, দ্ৰোনকান্ত মৰান, গনেশ মৰান, ধৰ্মেন্দ্ৰ মৰান, হিৰকজ্যোতি দহোটীয়াৰে ৷বন্তি প্ৰজ্বলন কৰে উদোক্তা আৰু সহযোগী সংগঠনৰ সম্পাদক সকলে৷ শিখা প্ৰজ্বলন কৰে প্ৰাক্তন জিলা ফুটবল খেলুৱৈ তথা বৰ্তমানৰ ৰাজ্যিক ৰেফাৰী কমলেশ্বৰ মৰাণে। প্ৰতিযোগিতাখনিত ডুমডুমা ,তালাপ,ধলা,মাকুম,কাকপথাৰ অঞ্চলৰ বিদ্যালয় সমুহৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰিছে।

গ্ৰাম্যঞ্চলত থকা লুপ্ত ক্ৰীড়া প্ৰতিভাসমুহ বিকাশৰ উদ্দেশ্য আগত ৰাখিয়েই ক্ৰীড়া প্ৰতিযোগিতাখনি আয়োজন কৰা বুলি উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিছে।

কাকপথাৰ পৰা তোলন গোহাঁই