মৰাণঃ কেৱল চৰকাৰ সলনি হ’লেই যেন সমস্যা সমাধান নহয়। তাৰ লগে লগে পৰিৱৰ্তন হ’ব লাগে মানসিকতা। এই মানসিকতা কেৱল চৰকাৰৰ সলনি হ’লেই নহয়, তাৰ লগে লগে সলনি হ’ব লাগিব আমোলাৰো। নহ’লে সকলো আঁচনি-পৰিকল্পনাই কাগজে-পত্ৰইহে সফলতা লাভ কৰে, বাস্তবতঃ সেয়া ফুটুকাৰ ফেন হৈ পৰে।
তেনেই এক দিশৰ উন্মোচন হৈছে গুণোৎসৱত। কাইলৈ দেশৰ ভৱিষ্যত হিচাপে গঢ় ল’বলগা ছাত্ৰ-ছাত্ৰীৰ পঢ়াশালীৰ গুণগত মান নিৰ্ধাৰণ কৰাৰ বাবে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মুকলি কৰা গুণোৎসৱত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।