ওদালগুৰিঃ অৱশেষত কিছু সকাহ পাবলৈ সমৰ্থ হৈছে মেধাৱী ছাত্ৰ বিপ্লৱ সিংহ ডেকাৰ পৰিয়ালে। দৰিদ্ৰ পৰিয়ালৰ এইজন মেধাৱী ছাত্ৰই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ লাভ কৰিলে ৮৮.৫ শতাংশ নম্বৰ। বিপ্লৱে বুৰঞ্জী বিষয়ত অসমৰ ভিতৰতে সৰ্ব্বোচ্চ ৯৬ নম্বৰ লাভ কৰিছে।
ওদালগুৰিৰ এখন ভিতৰুৱা গাঁও বগৰীবাৰীৰ এগৰাকী দৰিদ্ৰ খেতিয়ক ধীৰেন্দ্ৰ নাথ ডেকাৰ পুত্ৰ বিপ্লৱে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে যদিও অৰ্থৰ অভাৱক লৈ চিন্তিত হৈ পৰিছিল। পুত্ৰৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব নে নাই সেই কথা ভাবি কৃষক পিতৃয়েও ইমানদিনে হুমুনিয়াহ কাঢ়ি আহিছিল।