গুৱাহাটীঃ ৰাজ্যজুৰি আজি বিভিন্ন দল-সংগঠন তথা ব্যক্তি-বিশেষে ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ১৯৯৬ৰ আজিৰ দিনটোতে তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে শপতগ্ৰহণ কৰাৰ কেইদিনমানৰ পাছতে নিৰ্ভীক সাংবাদিক দাসক এটা সশস্ত্ৰ দলে গুৱাহাটীৰ মাজ-মজিয়াৰ ৰাজগড়ত বৰ্বৰোচিতভাৱে গুলীয়াই হত্যা কৰে।
কণমানি পুত্ৰক বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ সময়তে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় সাংবাদিক দাস। তদানীন্তন মহন্ত চৰকাৰে দাসৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰে যদিও সেই ঘোষণা ঘোষণাতে ৰ’ল।