আজাৰাঃ দক্ষিণ কামৰূপত বৈজ্ঞানিক পদ্ধতিৰে ষ্টেভিয়া খেতি কৰি বিশ্ব জিনাৰ সপোন ৰচিছে এজাক তৰুণ-তৰুণীয়ে। প্ৰায় ১৫ বিঘা মাটিত বিশেষ ঔষধী চেনী প্ৰস্তুত কৰি স্থানীয় বহু লোক আৰ্থিক ভাৱে লাভান্বিত হৈ পৰিছে এই ষ্টেভিয়া খেতিৰে।
দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাট বাগানৰ লাডুগুৰী গ্ৰামাঞ্চলত প্ৰায় ১৫ বিঘা মাটিত লাভজনক ষ্টেভিয়া খেতিয়ে বাট দেখুৱাইছে স্বাৱলম্বীতাৰ। পংকজ, সঞ্জীৱ আৰু ৰিপুনৰ দৰে যুৱকৰ একান্ত প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে বিজ্ঞানসন্মত জৈৱিক ষ্টেভিয়া খেতিয়ে।