3
ডিজিটেল ডেস্কঃ বিয়াৰ দিনাই এক শোকাৱহ ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশত৷ বিয়াৰ নিয়মৰ মাজতে ঘোঁৰা সহিতে দৰা কুৱাত পৰে৷ ঘটনাৰ বিৱৰণি অনুসৰি দৰাই ঘোঁৰাত উঠি বিয়াৰ নীতি অনুসৰি কুৱাৰ পৰিক্ৰমা কৰি আছিল৷
ঠিক তেনে সময়তে দৰাৰ লগত যোৱা লোকসকলে ফটকা ফুটায়৷ ফটকাৰ শব্দত ঘোঁৰাটোৱে ভয় খাই কুৱাতে জাপ মাৰে। ফলত ঘোঁৰাৰ পিঠিত উঠি থকা দৰাও কুৱাত পৰে।