গুৱাহাটীঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তদানীন্তন মানৱ সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে ঘোষণা কৰিছিল যে কেন্দ্ৰই ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নতুনকৈ ১৪খন জৱাহৰ নবোদয় বিদ্যালয় স্থাপন কৰিব। কিন্তু ২০১৬বৰ্ষৰ ৭ জানুৱাৰীত কৰা সেই ঘোষণা যে কেৱল নিৰ্বাচনী চমকহে আছিল সেয়া স্পষ্ট কৰি তুলিছে বিভাগটোৰ বৰ্তমানৰ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে অসমৰ এগৰাকী সাংসদলৈ প্ৰেৰণ কৰা এখন পত্ৰই।
স্মৃতি ইৰাণীৰ উক্ত ঘোষণাৰ পিছতে বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত সংসদৰ অধিৱেশনৰ শূন্যকালীন ঘন্টাত প্ৰসংগটো উত্থাপন কৰি নতুন নবোদয় বিদ্যালয় স্থাপনৰ পৰিকল্পনাৰ বিষয়ে সবিশেষ জানিব বিচাৰিছিল কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। ৰাজ্যখনৰ চাহ জনগোষ্ঠী অধ্যুষিত জিলাকেইখনৰ শৈক্ষিক অনগ্ৰসৰতাৰ দিশটো বলিষ্ঠভাৱে উত্থাপন কৰি তেওঁ শীঘ্ৰে নতুনকৈ জৱাহৰ নবোদয় বিদ্যালয় স্থাপনৰ ব্যবস্থা কৰিবলৈকো শূন্যকালীন ঘণ্টাত চৰকাৰক আহ্বান জনায়।