খৈৰাবাৰীঃ চৌদিশে উন্নয়ন হোৱা বুলি দাবী কৰা হাগ্ৰামাৰ বিটিচিত এতিয়াও ৰাইজে বাঁহৰ দলঙেৰে আহ-যাহ কৰিবলগীয়া হৈছে৷ খৈৰাবাৰীৰ সমীপৱৰ্তী ঝাৰগাঁও-শইকীয়াপাৰাত থকা পুৰণিকলীয়া এই বাঁহৰ দলংখন দেখিলেই সহজে অনুমান হয় যে কি দুৰৱস্থাত অহা-যোৱা কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে।
বাৰিষা হ’লেই এই দলংখন পানীৰ তলত ডুব গৈ থাকে। এনেদৰে খৈৰাবাৰী বিটিচি সমষ্টিৰ অন্তৰ্গত চাবুকধৰা-আটেলীয়া-খৈৰাবাৰীৰ কালপানী নদীত থকা বাঁহৰ দলঙেৰে সুদীৰ্ঘ বছৰ ধৰি ৰাইজে যাতায়াত অব্যাহত ৰাখিছে।