পুনৰীক্ষণৰ বাবে কাৰ্যলয়লৈ তাঁত-বাটি​ কৰি ভাগৰিছে অপৰা 

ওদালগুৰিঃ ৰাজ্যত ছেবাৰ অধীনত চলি আছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা। ইয়াৰ মাজতে পোহৰলৈ আহিছে ছেবাৰ এক ভয়ংকৰ কাণ্ড। সংস্থাটোৰ দ্বায়িত্ব জ্ঞানহীনতাৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভৰপৰা বঞ্চিত হৈ এতিয়াও ন্যায়ৰ আশাত ওদালগুৰিৰ এগৰাকী কৃতী শিক্ষাৰ্থী। 

বৰ্তমান গুৱাহাটীৰ চাই বিকাশ কণিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাত অধ্যয়ণৰত ছাত্ৰীগৰাকীৰ দাবী অনুসৰি তেওঁৰ প্ৰাপ্য পোৱাহেঁতেন ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'লহেতেন। ৰাজ্যত ছেবাৰ অধীনত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাজতে পোহৰলৈ আহিছে বিতৰ্ক‌ই লগ নেৰা সংস্থাটোৰ আন এক দ্বায়িত্বজ্ঞানহীন কাণ্ডৰ নমুনা। 

কালি ওদালগুৰিত অনুষ্ঠিত হৈ যোৱা আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত পোহৰলৈ আহে ছেবাৰ এই ভয়ংকৰ কাণ্ড। ওদালগুৰি চহৰৰ প্ৰবক্তা দম্পতি সুজিৎ বিশ্বাস আৰু পুনু কলিতাৰ একমাত্ৰ কন্যা মেধাৱী ছাত্ৰী অপৰা বিশ্বাসে বিগত ২০১৮ চনত ওদালগুৰি চেক্ৰেটহাৰ্ট ইংলিচ স্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 

ৰাজ্যৰ ভিতৰতে এক আশাজনক স্থান লাভৰ দৃঢ় বিশ্বাসী ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ ফলাফল দেখি হতভম্ব হৈ পৰে। কিয়নো সকলো পৰীক্ষাতে প্ৰায় ৯৮% নম্বৰ লাভ কৰি অহা দৃঢ়বিশ্বাসী ছাত্ৰীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোটেইকেইটা বিষয়ত লেটাৰমাৰ্কসহ লাভ কৰিছিল (৫৭৫) ৯৫.৮৩% নম্বৰ। ফলাফল অনুসৰি ছাত্ৰীগৰাকীয়ে অসমীয়াত ৯৫, ইংৰাজীত ৯৫, সাধাৰণ গণিতত ৯৯, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৮৮ আৰু ঐচ্ছিক গণিতত লাভ কৰিছিল ৯৮ নম্বৰ। 

এই ফলাফলত অসন্তুষ্ট হৈ ছাত্ৰীগৰাকীয়ে প্ৰথমে বহী পুনৰীক্ষণৰ বাবে ছেবাক আবেদন কৰে। কিন্তু ছেবাই ছাত্ৰীগৰাকীক বহী পুনৰীক্ষণ কৰি ইংৰাজীত ১ নম্বৰ আৰু সমাজ বিজ্ঞানত ২ নম্বৰসহ মুঠ ৩ নম্বৰ যোগ কৰাত ছাত্ৰীগৰাকীৰ মুঠ নম্বৰ হয়গৈ ৫৭৮। পৰৱৰ্তী সময়ত এই ফলাফলতো সন্তুষ্ট হ’ব নোৱাৰি ছাত্ৰীগৰাকীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত অৱতীৰ্ণ পৰীক্ষাত লিখা অসমীয়া, ইংৰাজী আৰু সমাজ বিজ্ঞানৰ বহী তিনিখন লাভ কৰে। 

কিন্তু বহী লাভ কৰাৰ লগে লগে পোহৰলৈ আহে সংস্থাটোৱে পৰীক্ষা বহী নিৰীক্ষণৰ বাবে দ্বায়িত্ব দিয়া নিৰীক্ষকৰ অদ্বায়িত্বহীন কাণ্ড। ছাত্ৰীগৰাকীয়ে দাবী কৰা অনুসৰি তেওঁক প্ৰাপ্যতকৈ প্ৰায় ১৬ নম্বৰ কমকৈ প্ৰদান কৰা হৈছে। ইফালে পৰীক্ষা বহীত দেখা গ'ল নিৰীক্ষক গৰাকীৰ বহী নিৰীক্ষণৰ বহুতো বিসংগতি। বিভিন্ন প্ৰশ্নৰ উত্তৰৰ বাবে প্ৰদান কৰা নম্বৰৰ ওপৰত পুনৰ অন্য নম্বৰ লিখিছে যদিও নাই নিৰীক্ষকগৰাকীৰ স্বাক্ষৰ। 

আন কিছুমান প্ৰশ্নৰ উত্তৰত শুদ্ধ চিন দিছে যদিও প্ৰদান কৰা হোৱা নাই কোনো নম্বৰ। ক’ৰবাত আকৌ উত্তৰত কোনো ভুল উলিয়াব নোৱাৰাৰ পাছত সম্পূৰ্ণ নম্বৰ প্ৰদান কৰা হোৱা নাই। এনেবোৰ বিসংগতিৰ ফলত কৃতী ছাত্ৰীগৰাকীয়ে ৰাজ্যৰ ভিতৰতে স্থান লাভৰপৰা বঞ্চিত হ’বলগীয়া হৈছে। এই সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱকসকল বহুবাৰ ছেবা কাৰ্যালয়লৈ অহা যোৱা কৰিলে যদিও সংস্থাটোৱে প্ৰতিদিনে কৰি অহা গা এৰা মন্তব্য‌ই ভাগৰুৱা কৰিছে ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকক। 

নিজকে স্বচ্ছ বুলি দাবী কৰা ৰাজ্যৰ শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীগৰাকীৰ ন্যায়ৰ আশা মনত বান্ধি ছাত্ৰীগৰাকীয়ে শিক্ষা বিভাগ তথা ছেবাক অনুৰোধ জনাই কয় যে এনে কাণ্ড যাতে পুনৰবাৰ সংঘটিত নহয়। ইতিমধ্যে নিৰীক্ষক কেইগৰাকীক ব্লেকলিষ্টেড কৰাৰ কথা ছেবাৰ তৰফৰপৰা অভিভাৱকসকলক জানিবলৈ দিছে।

এতিয়া প্ৰশ্ন হয় সকলো সময়তে বিতৰ্কত সোমাই পৰা ছেবা তথা শিক্ষা বিভাগে ন্যায় প্ৰদান কৰিবনে কৃতী ছাত্ৰীগৰাকীক? এগৰাকী শিক্ষাৰ্থীৰ জীৱনক লৈ চৰম হেতালি খেলাৰ অধিকাৰ কোনে দিলে এই শিক্ষা প্ৰতিষ্ঠানটোক? এনেবোৰ কাণ্ড‌ই এতিয়া শিক্ষা প্ৰতিষ্ঠানটোৱে অনুষ্ঠিত কৰা শিক্ষাৰ্থী জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ স্বচ্ছতাকলৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে শৈক্ষিক মহলৰ মাজত।