মিছামাৰীঃ ৰাজ্যখনৰ চৌদিশত বন বিভাগৰ কৰ্মীয়ে অবৈধভাৱে সৰবৰাহ কৰা শিল, বালি, কাঠ আদিকে ধৰি বনজ সম্পদ সৰবৰাহ কৰা লোক আৰু বাহন জব্দ কৰা অভিযান অব্যাহত থকাৰ সময়ত শোণিতপুৰ জিলাৰ মিছামাৰীত দেখা গৈছে এক বিপৰীত ছবি। অঞ্চলটোৰ বেলশিৰি শিল-বালি মহল আৰু গাভৰু নদীৰ পৰা দিনে নিশাই শিল-বালি ট্ৰাক ট্ৰেক্টৰ আদিত সৰবৰাহ হৈ আছে।
স্থানীয় গাভৰু খণ্ড বন কাৰ্যালয়, আমাৰিবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মীসকলে সময়ে সময়ে টহল দিয়াৰ উপৰিও জিলা বন বিষয়াগৰাকীও মাজে মাজে মিছামাৰীত টহল দিবলৈ অহা দেখা যায় যদিও দিনে-নিশাই মহল আৰু নদীসমুহৰ পৰা শিল বালি কঢ়িওৱা আৰু তেওঁলোকৰ চকুৰ আগেদি শিল বালি ভৰ্তি ট্ৰাক-ট্ৰেক্টৰ যায় যদিও সেয়া সোধ-পোচ কৰাই দেখা পোৱা নাই ৰাইজে।