61
জাজৰিঃ ৬০ দশকতে স্থাপন এটা শাখা ডাকঘৰ। আজিৰ পৰা কিছুবছৰৰ আগলৈকে এই ডাকঘৰটো আছিল এই অঞ্চলৰ একমাত্ৰ সংযোগ ব্যৱস্থা। কিন্তু মৰিগাঁও জিলাৰ(তেতিয়াৰ অবিভক্ত নগাঁও) দলংঘাটত স্থাপন হোৱা দিনৰে পৰা এনে অৱস্থাৰে ৰাইজৰ সেৱা আগবঢ়াই আহিছে।
ডাকঘৰটোত নাই কোনো নিৰাপত্তা ব্যৱস্থা, নাই উপযুক্ত কাৰ্যালয়। জানিব পৰা মতে বৰ্তমান ভাৰা ব্যৱস্থাৰে চলিছে এই ডাকঘৰটো। স্থানীয় ৰাইজে চৰকাৰক এই জৰাজীৰ্ণ ডাকঘৰৰ কাৰ্যালয় গৃহটো নিৰ্মাণ কৰাৰ দাবী জনাইছে।