ডিজিটেল ডেস্কঃ যুদ্ধৰ সা-সৰঞ্জাম তৈয়াৰ কৰাত উত্ৰাৱল নহৈ ভাৰতে দেশখনৰ অৰ্থনৈতিক দিশটোতহে অধিক গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য কৰিছে চীনৰ এজন বিষয়াই। চীনৰ গ্ল’বেল টাইমচ নামৰ জনপ্ৰিয় কাকতখনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত একপ্ৰকাৰ ইতিকিঙৰ সুৰত বিষয়াজনে কয় যে জংগী জাহাজৰ পৰিৱৰ্তে দেশৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ কথা ভবাটোহে ভাৰতৰ বাবে জৰুৰী।
উল্লেখ্য যে দালাই লামাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণক লৈ বিতুষ্ট হৈ থকা চীনে অলপতে ভাৰতৰ অৰুণাচল প্ৰদেশৰ ভালেখিনি ঠাই নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিছিল। কথা প্ৰসংগত বিষয়াজনে কয় যে ভাৰত এতিয়া ঔদ্যোগিক বিকাশৰ চালুকীয়া অৱস্থাতে আছে, সেয়ে যুদ্ধৰ পৰিৱৰ্তে অৰ্থনীতিতহে মনোনিৱেশ কৰাটো উচিত।