Printer-friendly version

 

চন্দ্ৰযান-২ৰ সফল উৎক্ষেপণৰ অন্তত সমগ্ৰ দেশবাসী অধীৰ অপেক্ষাৰে ৰৈ আছিল বিক্ৰম লেণ্ডাৰৰ সঠিক অৱতৰণলৈ। কিন্তু বিশেষ কাৰিকৰী কাৰণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বাংগালুৰুস্থিত কেন্দ্ৰৰ সৈতে চন্দ্ৰপৃষ্ঠলৈ মাত্ৰ ২.১ কিলোমিটাৰ থকা অৱস্থাতে ৭ ছেপ্টেম্বৰৰ মাজ নিশা প্ৰায় সংযোগ বিচ্ছিন্ন ঘটে। 

 

সেই বিশেষ দিনটোত ইছৰোৰ কাৰ্যালয়ত উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজ্ঞানীসকলৰ সৈতে বিক্ৰম লেণ্ডাৰৰ লেণ্ডিঙৰ দৃশ্যৰ পোনপটীয়া সম্প্ৰচাৰ চাইছিল দেশৰ ভিন্ন প্ৰান্তৰ কেবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে। যেতিয়াই সংযোগ বিচ্ছিন্ন ঘটে তেতিয়াই হতাশ হৈ পৰে ইছৰোৰ অধ্যক্ষ কে শিৱন। লগে লগে সান্ত্বনা দিবলৈ কাষ চাপি আহে প্ৰধানমন্ত্ৰী।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই বিশেষ মুহূৰ্তত ইছৰোৰ অধ্যক্ষক সান্ত্বনা দি সাৱটি ধৰা ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে। এই ফটোখনকে আলম হিচাপে লৈ দেশৰ নেটিজেনসকলৰ মাজত সৰৱ চৰ্চা চলিছে যে প্ৰধানমন্ত্ৰী মোদীৰ সান্ত্বনা আৰু সাহসে ভাৰতীয় বিজ্ঞানীসকলক পৰৱৰ্তী অভিযানৰ বাবে উৎসাহিত কৰি তুলিব। 

 

চৰকাৰৰ সিদ্ধান্তক লৈ হতাশ বিজ্ঞানীসকল 

 

নেটিজেনসকলে এনেদৰে আশাবাদী হৈ পৰাৰ সময়তে ইছৰোৰ বিজ্ঞানীসকল কিন্তু হতাশাত ভোগা বাতৰিহে পোহৰলৈ আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী মোদী চৰকাৰে যোৱা ১২ জুনত এক নিৰ্দেশযোগে ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলক ১৯৯৬ চনৰ পৰা প্ৰদান কৰি অহা বিশেষ প্ৰেৰণামূলক ধনৰাশি বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

সম্প্ৰতি ইছৰোত অতি কমেও ১৬ হাজাৰ বিজ্ঞানী আৰু প্ৰযুক্তি বিশেষজ্ঞ তথা অভিযন্তা কৰ্মৰত হৈ আছে। এই আদেশৰ পিছত এছডি. এছই, এছএফ আৰু এছজি শ্ৰেণীৰ বিজ্ঞানীসকলে এই ধনৰাশি লাভ নকৰে। যাৰ পৰিণামস্বৰূপে মহাকাশ গৱেষণা সংস্থাটোৰ ৮৫ শতাংশতকৈয়ো অধিক বিজ্ঞানীয়ে মাহিলি ৮-১০ হাজাৰ টকা পৰ্যন্ত কমকৈ লাভ কৰিব। কোনো কোনোৰ ক্ষেত্ৰত এই ধনৰাশি ১৫-২০ হাজাৰ পৰ্যন্ত হোৱাৰো সম্ভাৱানা আছে।

 

কে শিৱনলৈ পত্ৰ

  

চন্দ্ৰযান-২ৰ উৎক্ষেপণৰ পূৰ্বে মোদী চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে দেশৰ বিজ্ঞানী মহল। ইছৰোত কৰ্মৰত বিজ্ঞানীসকলৰ সংস্থা স্পেচ ইঞ্জিনীয়াৰ্ছ এছ’চিয়েশ্যনে ইছোৰৰ অধ্যক্ষ ড০ কে শিৱনলৈ এই সন্দৰ্ভত আপত্তি দৰ্শাই পত্ৰও প্ৰেৰণ কৰিছে। পত্ৰত বিজ্ঞানীসকলে লিখিছে যে চৰকাৰৰ এনে সিদ্ধান্তই তেওঁলোকৰ কাম-কাজত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। আনহাতে বিজ্ঞানীসকলে ১৯৯৬চনৰ পৰা লাভ কৰি অহা এই ধনৰাশি বন্ধ কৰিবলগীয়া হোৱাকৈ দেশৰ আৰ্থিক পৰিস্থিতি ইমান ভয়াৱহ হৈ পৰা নাই বুলিও পত্ৰখনত উল্লেখ কৰি অধ্যক্ষ শিৱনক বিষয়টো সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ দাবী জনাইছে বিজ্ঞানীসকলে।

 

ইফালে, এই সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতীয়া উমান পাই বিগত বৰ্ষৰ পৰা ইছৰোৰ ভিতৰচ’ৰাত প্ৰকট হৈ পৰিছিল অসন্তুষ্টি। বিশেষকৈ সুদীৰ্ঘ তিনি দশকৰ অন্তত ব্যক্তিগত সংস্থাক ইছৰোৱে ২০১৮ চনত নেভিগেশ্যন ছেটেলাইট নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰে। এই সিদ্ধান্তৰ বিৰোধিতা কৰা বাবেই আহমেদাবাদস্থিত স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক ড০ তপন মিশ্ৰক পদৰ পৰা আতৰাই ইছৰোৰ উপদেষ্টাৰ দায়িত্ব ল’বলৈ কোৱা হয়।

 

প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ দিনত পাইছিল এই উৎসাহ

 

উল্লেখ্য যে, মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনৰ কাম-কাজসমূহ চোৱা-চিতাৰ দায়িত্ব পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে জড়িত। এই অনুযায়ী ১৯৯৫ চনৰ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ অনুযায়ী ১৯৯৬ চনৰ পৰা তেতিয়াৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৱে ইছৰোৰ বিজ্ঞানীসকলক প্ৰেৰণামূলক ধনৰাশি প্ৰদানৰ ব্যৱস্থা কৰিছিল। চৰকাৰৰ তৰফৰ পৰা লাভ কৰা এনেধৰণৰ একাধিক প্ৰেৰণা আৰু উৎসাহৰ বাবেই ২০০৮ চনত সফলতাৰে চন্দ্ৰযান-১ উৎক্ষেপণ কৰাৰ এবছৰ পূৰ্বে অৰ্থাৎ ২০০৭ চনৰে পৰা চন্দ্ৰযান-২ৰ কাম-কাজ আৰম্ভ কৰিছিল ইছৰোৰ বিজ্ঞানীসকলে। 

 

শেহতীয়াকৈ মোদী চৰকাৰে প্ৰেৰণামূলক ধনৰাশি বন্ধ কৰি দিয়াৰ পিছত হতাশ হৈ পৰিলেও কাম-কাজত কোনো ক্ৰটি নকৰাকৈ দেশক বিজ্ঞানৰ ক্ষেত্ৰখনত আগুৱাই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিজ্ঞানীসকলে। এনে এক পৰিস্থিতিৰ মাজতে দেশৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি আৰু প্ৰাক্তন বিজ্ঞানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণামূলক ধনৰাশি বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰি পিঠিত থপৰিয়াই উৎসাহিত কৰা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰা দেখা গৈছে। 

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us