নগাঁওঃ নগাঁৱৰ বৃহত্তৰ জামুগুৰি অঞ্চলৰ দেশপ্ৰেমী সাহসী যুৱক তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেৰ্তৃত্বত হোৱা তিৰাশীৰ অসমৰ জাতীয় অস্তিত্ব ৰক্ষা আন্দোলনৰ ছহিদ হেমকান্ত নাথৰ পুনৰ নিৰ্মিত ছহিদ বেদীটি শনিবাৰে অনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়৷
হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু স্থানীয় যুৱকসকলৰ সহযোগত এই মৰ্মে জামুগুৰি সমূহীয়া ভৱনত দিনযোৰাকৈ উদ্বোধনী অনুষ্ঠানটি অনুষ্ঠিত কৰি ছহীদগৰাকীক গভীৰভাৱে স্মৰণ কৰা হয় ৷সেই অনুসৰি পুৱা ১১ বজাত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিপন জ্যোতি শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে।