ডিজিটেল ডেস্কঃ দিল্লীৰ দক্ষিণভাগত শনিবাৰে নিশা পশু সুৰক্ষা সংস্থা এটাৰ সদস্যই ম’হ কঢ়িয়াই নিয়া গাড়ী ৰখাই ৩ জন লোকক মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। গুৰগাঁৱৰপৰা গাঝিয়াপুৰলৈ ম’হকেইটা কঁচাইখানালৈ নিয়াৰ বাটতে এনেদৰে আগভেঁটি ধৰি মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে।
সৰবৰাহকাৰীকেইজনক সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী বিষয়া ৰামিল বণিয়াই জানিবলৈ দিছে। ম’হকেইটাৰ শোচনীয় অৱস্থাত ৰখাৰ অভিযোগ উত্থাপন কৰি পশু অধিকাৰ সংস্থা পিপল ফৰ এনিমেল চমুকৈ পিএফএ য়ে আৰক্ষী চকীত উক্ত সৰবৰাহকাৰীকেইজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।