নতুন দিল্লীঃ ৩১ মাৰ্চৰ ৰাতি ১২ বজাৰ লগে লগে অন্ত পৰিব জিঅ’ৰ বিনামুলীয়া সেৱা৷ ৯৯ টকা দি প্ৰাইম মেম্বাৰশ্বিপ লোৱাসকলকহে এতিয়া সেৱা আগবঢ়াব জিঅ’ই।

⁠⁠⁠এতিয়ালৈ ৫০ মিলিয়ন লোকে আদৰি লৈছে জিঅ’ৰ প্ৰাইম সদস্যপদ৷ প্ৰাইম মেম্বাৰশ্বিপ লোৱা গ্ৰাহকসকলেহে কম মুল্যতে জিঅ’ৰ সুবিধা উপভোগ কৰিব পাৰিব৷  

জিঅ’ৰ বৰ্তমানলৈ গ্ৰাহকৰ সংখ্যা হৈছে ১০০ মিলিয়ন৷ প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি যিসকলে প্ৰাইম মেম্বাৰশ্বিপ নলয়, সেই গ্ৰাহকসকলৰ সেৱা নিজে নিজে প্ৰিপেইড বা প’ষ্টপেইড সেৱালৈ পৰিৱৰ্তন হ’ব৷

ছেপ্তেম্বৰ মাহত প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰা এই বিনামূলীয়া সেৱা দেশবাসীৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল৷ জিঅ’ৰ প্ৰাইম মেম্বাৰশ্বিপৰ জৰিয়তে কম মূল্যৰ এটা ৰিছাৰ্জতে সকলো ধৰণৰ সেৱা লাভ কৰিব পাৰিব।