ডিজিটেল ৰিপ'ৰ্টঃ শাৰদীয় দুৰ্গোৎসৱ আহি পালেই সাতখন-আঠখন হৈ পৰে সকলোৰে গা। দীঘলীয়া বন্ধ পাই বহুতেই ফুৰাৰ প্লেন কৰে। কোনোৱে যদি গুৱাহাটীতে পূজাৰ আনন্দ উপভোগ কৰে আন কোনোৱে আকৌ পূজাৰ আচল সোঁৱাদ ল’বলৈ উৰা মাৰে কলকাতালৈ। মুঠৰ ওপৰত পূজা বুলিলেই অধিকাংশ লোকেই কৰ্মব্যস্ততাৰ পৰা আজৰি হৈ আনন্দ উপভোগৰ পূৰ্ণ সুযোগ লাভ কৰে।

পিছে এইহেন উছৱৰ বতৰতো কেতবোৰ বৃত্তিৰ লোকে সাধাৰণ দিনবোৰতকৈয়ো অধিক পৰিশ্ৰম কৰিবলৈ বাধ্য হৈ পৰে। আঙুলিৰ মূৰত লিখিব পৰা এই বৃত্তিকেইটাৰ ভিতৰত অন্যতম হৈছে নিৰাপত্তাৰক্ষী আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক। পূজা বুলিলেই আন দিনবোৰতকৈ অধিক কষ্ট কৰিবলগীয়াত পৰে টিভি চেনেলৰ সাংবাদিকসকলে। বাতৰিৰ বাবে এখন মণ্ডপৰ পৰা আনখন মণ্ডপলৈ দৌৰি দৌৰি ভাগৰি পৰে টিভিৰ সাংবাদিকসকল।

এনে কৰ্ম ব্যস্ততাৰ মাজতে সাংবাদিকসকলৰ মাজত পূজা পূজা ভাৱ জগাই তুলিবলৈ বিশেষ চেষ্টা কৰি আহিছে ৰাজ্যখনৰ এজন জ্যেষ্ঠ সাংবাদিকে। বিগত কেবাবছৰ ধৰি পূজাৰ সময়ত একোটাকৈ বিশেষ গীত মুকলি কৰি আহিছে এইগৰাকী সাংবাদিকে। এই সাংবাদিকগৰাকী আন কোনো নহয়। তেওঁ হৈছে কেবাটাও অসমীয়া টিভি চেনেলত মুখ্য সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰা অতনু ভূঞা।

'নিউজ লাইভ’ নামৰ ছেটেলাইট চেনেলটোত কাম কৰি থকা সময়তে এই পৰম্পৰা আৰম্ভ কৰা অভিজ্ঞ সাংবাদিকগৰাকীয়ে 'আছাম টকছ’ নামৰ চেনেলটোৰ দায়িত্বত থকা অৱস্থাতো 'পূজাৰ গান’ নিৰ্মাণ কৰিছিল। 'ছেলফি পূজা’ শীৰ্ষক যোৱাবাৰৰ এই গীতটিয়ে লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা। অৱশ্যে এই গীতকেইটা তেওঁ কৰ্মৰত টিভি চেনেলৰ কোনো এক অনুষ্ঠানৰ টিআৰপি বৃদ্ধি হ’ব পৰা ধৰণে অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰিছিল।

এইবাৰ পিছে তেওঁ কোনো এটা চেনেলৰ সৈতে জড়িত নহয়। কিছুদিন পূৰ্বে 'আছাম টকছ’ নামৰ চেনেলটোৰ পৰা অব্যাহতি লৈ সম্প্ৰতি জ্যেষ্ঠ সাংবাদিকগৰাকী ব্যস্ত হৈ আছে নিজে স্থাপন কৰা এবিচিডি নামৰ সাংবাদিকতাৰ প্ৰশিক্ষণ কেন্দ্ৰটোত। সাংবাদিকতাৰ অ, আ, ক, খ শিকা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সময় অতিবাহিত কৰাৰ মাজতে এইবাৰো পিছে অনুৰাগীসকলক 'পূজাৰ গীত’ উপহাৰ দিবলৈ সাজু হৈছে সাংবাদিক ভূঞা।

ইতিমধ্যে গীতটোৰ বাণীবন্ধনৰ কাম সম্পূৰ্ণ কৰি তুলিছে সাংবাদিকগৰাকীয়ে। শনিবাৰে গীতটোৰ ভিডিঅ’ৰ বাবে সাংবাদিকগৰাকী শ্বুটিঙত ব্যস্ত থকা বুলি জানিব পৰা গৈছে। এইবাৰ চেনেল নাথাকিলেও ফেচবুক আৰু ইউটিউবকে ভৰসা কৰি লৈছে সাংবাদিক ভূঞাই। এই সন্দৰ্ভত তেওঁ নিজৰ ফেচবুক একাউণ্টত ইতিমধ্যে এটি আপডেট দি কৈছে, 'চেনেল নাথাকিব পাৰে, গানটো আছে! পূজাৰ গান এইবাৰো বনাইছো এবিচিডিৰ প্ৰশিক্ষাৰ্থীৰ সৈতে৷ চেনেল নালাগে, facebookআৰু youtube জিন্দাবাদ!’

মুঠৰ ওপৰত পূজাক লৈ এইবাৰো ৰাজ্যবাসীক বিশেষ গান উপহাৰ দিব সাংবাদিক ভূঞাই। সহজে শ্ৰোতা-দৰ্শকৰ মন মুহিব পৰা 'টিআৰপি’ মাষ্টৰ হিচাপে জনাজাত সাংবাদিকগৰাকীৰ গীতৰ কথা আৰু সুৰে এইবাৰো যে শ্ৰোতা-দৰ্শকক নতুনত্বৰ সোৱাদ দিব সেয়া নিশ্চিত। উল্লেখ্য যে বিগত বৰ্ষত তেওঁৰ গীতৰ মূল বিষয়বস্তু আছিল জেলপি আৰু ছেলফি। এইবাৰ পিছে কি বিষয় বস্তুক লৈ সাংবাদিকগৰাকীয়ে গীত ৰচনা কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।