ডিজিটেল ডেস্কঃ জেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী গৌৰী লংকেশৰ হত্যাকাণ্ডৰ ৬মাহৰ পাছত এছআইটিৰ অনুসন্ধানৰ ভিত্তিত হিন্দু যুৱ সেনা এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বাংগালুৰুৰ আৰক্ষীয়ে৷ জানিব পৰা মতে অনুসন্ধানকাৰী সংস্থা এচআইটিয়ে শুকুৰবাৰে ৩৭ বছৰীয়া নবীন কুমাৰ নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে৷
এচআইটিৰ বিষয়া তথা বাংগালুৰৰ উপায়ুক্ত এমএম অনুচেথে জানিবলৈ দিয়া মতে নবীন কুমাৰক ৮ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে, অবৈধ্য অস্ত্ৰ-শস্ত্ৰ লগত ৰখাৰ অপৰাধত কুমাৰৰ বিৰুদ্ধে অন্য এটা গোচৰো ৰুজু কৰা হৈছে বুলি কয়৷ আনহাতে এচআইটিৰ অধ্যক্ষ বিকি সিঙে জানিবলৈ দিয়া মতে, গৌৰী লংকেশ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত আৰু সন্দেহজনক ব্যক্তিক আটক কৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোছা কৰিব বুলিও কয়।