কলিংগঃ উৰিষ্যাৰ কলিংগ ষ্টেডিয়ামত বুধবাৰৰপৰা আৰম্ভ হ’ল হকী বিশ্ব কাপ ২০১৮৷ আজিৰপৰা বিভিন্ন জাক-জমকতাৰে সংগীত তথা অভিনয় জগতৰ বিখ্যাত আৰু অতি জনপ্ৰিয় শিল্পী এ আৰ ৰহমান আৰু শ্বাহৰুখ খানৰ উপস্থিতিৰ লগতে বিশ্ববাসীয়ে উপভোগ কৰিব বিশ্ব কাপ হকী৷ 

হকী এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম৷ কলিংগত অনুষ্ঠিত কৰা বিশ্ব হকী কাপ ২০১৮ ত দৰ্শকৰ ভিৰ দেখা গৈছে৷ ষ্টেডিয়ামৰ ভিতৰত ইণ্ডিয়া-ইণ্ডিয়া বুলি চিঞৰি দৰ্শকে উৎসাহিত কৰিছে হকী খেলুৱৈসকলক৷ আনহাতে, কিঙ খান ৰূপে খ্যাত শ্বাহৰুখ খানে ষ্টেডিয়ামৰ মঞ্চত ভাৰত হকী দলৰ কেপ্তেইনৰ লগত সাক্ষাৎ কৰি তেখেতৰ অভিনীত চক দে ইণ্ডিয়াৰ জনপ্ৰিয় ডায়লগটি দোহাৰে৷ 

১৯৭৫ চনত হকী বিশ্ব কাপত সফলতা লাভ কৰোৱা হকী দলৰ খেলুৱৈসকলো এই অনুষ্ঠানত উপস্থিত হৈ খেলুৱৈসকলৰ মনোবল সুদৃঢ় কৰে৷ আনহাতে জনপ্ৰিয় তাৰকা, ‘মোহিনী’ ৰূপে খ্যাত মাধুৰী দিক্ষিতে নিজৰ নৃত্য কলাৰে দৰ্শকক মোহিত কৰিবলৈ সক্ষম হয়৷ নুপুৰ মহাজনৰ নিৰ্দেশিত মাধুৰী দিক্ষিতে ধৰিত্ৰীৰ মা ৰূপে ১০০০ শিল্পীৰ সৈতে নৃ্ত্য নাটিকা প্ৰদৰ্শন কৰি অনুষ্ঠানটিৰ সোণত সোৱগা চৰা যেন কৰি তোলে৷ সংগীতক এক প্ৰাণ দিয়া বিশ্ববিখ্যাত এৰ আৰ ৰহমানৰ দেশভক্তিমূলক গীতেৰে সকলোৰে মন স্পৰ্শ কৰে৷ ‘বন্দে মাতৰম’, জনগনৰ ধ্বনিৰে ষ্টেডিয়ামৰ দৰ্শকে খেলুৱৈৰ লগতে নিজ দেশৰ প্ৰতি থকা ভক্তিক সন্মান কৰি এই গীত পৰিৱেশন কৰে৷