তুলসীবাৰী/মৰিগাঁওঃ ৰাজ্য তৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় কৰিব খোজাত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ তাৰ মাজতে আজি কলিতা সাবিত্য সভাই এসমৰ লোকৰ নামত শিক্ষানুষ্ঠান স্থাপন কৰাৰ দাবী জনাইছে৷ কলিতা সাহিত্য সভাই প্ৰাগ ঐতিহাসিক কালৰে পৰাই সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক দিশত অসম অতি উন্নত বুলি কয় ৷
অসমীয়া জাতিৰ স্বাভিমানত আঘাত হানিব পৰা কোনো পদক্ষেপ অসমীয়াই কোনোকালে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্ট কৰে সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মুখ্য উপদেষ্টা বিজু সেনাপতিয়ে৷ সম্প্ৰতি শিক্ষানুষ্ঠান নামকৰণৰ ক্ষেত্ৰত হোৱা বিতৰ্কৰ সন্দৰ্ভত মত ব্যক্ত কৰি সেনাপতিয়ে আদৰ্শগতভাৱে নামকৰণ কৰিব পৰা বহু কেইগৰাকী অসমীয়া ব্যক্তিও ইয়াৰ বাবে যোগ্য বুলি কয়৷ তেনে ব্যক্তিৰ নামহে এইক্ষেত্ৰত অগ্ৰাধিকাৰ পোৱাটো সঠিক পদক্ষেপ হ’ব৷