87
কালুগাঁওঃ শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত শলগুৰি মৌজাৰ কালুগাঁওস্থিত কালুগাঁও মছজিদত যোৱা নিশা চোৰ প্ৰবেশ কৰি মছজিদত থকা প্ৰায় ২৫হাজাৰ টকাৰ আহুজা কোম্পানীৰ মাইকছেটটো চুৰি কৰি নিয়াৰ লগতে মছজিদৰ ভিতৰৰ বহু আচবাব লণ্ডভণ্ড কৰে।
প্ৰাপ্ত খবৰ অনুসৰি সেই মছজিদতে থকা মৌলবী গৰাকীয়ে পুৱাৰ নামাজৰ পূৰ্বে আজান দিবলৈ লওতেই সমগ্র ঘটনাটো পোহৰলৈ আহে। লগেলগে মৌলবীয়ে কথাটো ৰাইজক অৱগত কৰে।