সৰভোগঃ আৰ এছ এছৰ আদৰ্শৰে অনুপ্ৰাণিত বিদ্যালয়ৰ বাবে বিধায়ক পুঁজিৰ পৰা ধন আৱণ্টন দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন চমুকৈ এছ এফ আইৰ অসম ৰাজ্যিক সমিতিয়ে। এনে সিদ্ধান্তৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলিও অভিযোগ কৰে ছাত্ৰ সংগঠনটোৱে।
বিধায়কসকলৰ আনটাইড ফাণ্ডৰ পৰা ১০ কোটি টকা আৰ এছ এছ পৰিচালিত বেচৰকাৰী সংস্থা বিদ্যাভাৰতীৰ অন্তৰ্গত বিদ্যালয়সমূহৰ আন্ত:গাঠনি উন্নয়নৰ বাবে আৱণ্টন দিয়া কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে এছ এফ আইৰ ৰাজ্যিক সমিতিয়ে। সংগঠনটোৱে অভিযোগ কৰি কয় যে আৰ এছ এছৰ প্ৰিয়ভাজন হ’বলৈ ন-বিজেপি শিক্ষামন্ত্ৰীজনে এই ক্ষেত্ৰত আগভাগ লোৱা বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে।